–সৰলানন্দ প্ৰকাশ
(১)
গাঁৱত আছে মাটি, মাটিত নাই খেতি; আছে যদি খেতি তাত, লাভ থাকে ক’ৰবাত; ফচল আছে দাম নাই, দাম আছে ফচল নাই। খালী জেপ, সুদা ভাত, কোনে বুজে মন কি বাত, কোনে বুজে মন কি বাত— কি হ’ব, হ’ব কি, বোকা-পানী খচকি; ভাইগ’কে সাৱটি, গুচি গ’লে গুৱাহাটী; তাত বা হ’ব কি? গুৱাহাটীত আছে বা কি!
(২)
বিচাৰিলে কাম নাই, কাম পালে টকা নাই; নাই টকা, সৱ ফিকা, জীৱনটোৱে হাঁয় হাঁয়! নাই যাৰ ফিয়েট গাড়ী, নাৰীয়ে নাচায় হাঁহি মাৰি, হাঁহি মাৰি— নাই কাণত হেডফোন, ব্লেক এণ্ড হোৱাইট সৱ সপোন; থকা হ’লে ইচমাৰ্ট ফোন, দিনে ৰাতিয়ে গুণগুণ। কি হ’ব, হ’ব কি দুশ টকা হাজিৰাত, বেকাৰ এই জিন্দেগীতে হৈ যাওক না বাজিমাত। জীৱন ৰেলৰ পেছেঞ্জাৰ, তামাছা চাবলে দুনিয়াৰ; ভীৰৰ মাজত মৰি-হাজি, গুৱাহাটীত হাজিৰ আজি; গুৱাহাটীত আছে বা কি!

(৩)
পঢ়া-শুনা কৰা, গাঁৱৰ ভাল ল’ৰা; গুণীজনৰ মতামত, আছে তাৰ ভৱিষ্যত; ভৱিষ্যত যাৰ জিলিকে, সৰু চহৰত নাথাকে; নাথাকে সপোনৰ সীমা, আশাই আকাশ চুমা, আশাই আকাশ চুমা— আকাশ চোৱা ওখ ঘৰ, থাকিবলে তাৰ মন বৰ; গাঁৱৰ উজ্জ্বল ভৱিষ্যত সি, গুৱাহাটীত বা আছে কি!
(৪)
গুৱাহাটীত আছে বা কি! গুৱাহাটীত বা আছে কি! ওখ ঘৰ, গাড়ীৰ শাৰী, নানান চেহেৰাৰ নৰ-নাৰী; নৰ-নাৰী আহে যায়, জিলিকা পোহৰত মূৰ ঘুৰায়; ঘুৰি চালে আন্ধাৰ গলি, গলিত সভ্যতাৰ মৰিশালি; মৰিশালিত আছে হ’ৰ্ডিং, হ’ৰ্ডিঙত মি: ৰণৱীৰ সিং; শ্বপিং ম’লত আলিয়া ভাট, ডাষ্টবিনত কোনে খাই বুটলি ভাত, কোনে খাই বুটলি ভাত— নাগৰিকৰ চুৱা-পাতনি, নলাৰ ক’লা পানী; আধামৰা সপোনৰ য’ত আলৈ-আথানি; মহানগৰীত হেঁচা-ঠেলা কৰিছেহি যি, সি ইয়াত পাবই বা কি! গুৱাহাটীত আছে বা কি! গুৱাহাটীত বা আছে কি? গুৱাহাটীত আছে কি বাকী?
বিশিষ্ট অভিনেতা মনোজ বাজপেয়ীয়ে অভিনয় আৰু কণ্ঠদান কৰা, অসমৰ সুযোগ্য সন্তান অনুৰাগ শইকীয়াই সংগীত আৰোপ কৰা “বম্বাই মে কা বা” শীৰ্ষক বিখ্যাত ভোজপুৰী ৰেপ্ গান এটি ইউটিউবত দৰ্শন-শ্ৰৱন কৰিবলৈ পোৱা যায়(ইয়াত চাওক)। প্ৰধানকৈ মুম্বাইত উত্তৰ ভাৰতৰ ভাগ্য-অন্বেষণকাৰী প্ৰবজনকাৰী মানুহবোৰৰ আশা-নিৰাশাৰ প্ৰতিফলন এই গানটো। কিছু পৰিমাণে সেই গানটোৰে অনুপ্ৰেৰণাত আমাৰ এই নধৰ্তব্য সৃষ্টি। অৱশ্যে ইয়াত গুৱাহাটী মহানগৰক আক্ষৰিক অৰ্থত ব্যৱহাৰ কৰা হোৱা নাই; বৰঞ্চ ত্ৰমৱৰ্দ্ধমান নগৰীয়া সভ্যতাৰ প্ৰতিভূ হিচাপেহে গণ্য কৰা হৈছে।

