ত্ৰিকালে এখন দ্বিভাষিক ই-আলোচনী হিচাপে ইন্টাৰনেটৰ বিশাল জগতখনত আত্মপ্রকাশ কৰিছে। অসমীয়া আৰু ইংৰাজী উভয় ভাষাতে উদীয়মান লেখক-লেখিকাৰ বাবে সৃষ্টিশীল সাহিত্য, আৰু ব্যতিক্রমী চিন্তনৰ কৰ্ষণৰ থলী হ’বলৈ ই প্ৰয়াস কৰে। জ্ঞান বিতৰণ আৰু বৌদ্ধিক চৰ্চাৰ জগতখনলৈ ইন্টাৰনেটে অনা বিপুল জোৱাৰৰ ঢৌবোৰতে খৰ মাৰি এচাম উদ্যমী লেখক আৰু এদল আগ্রহী পঢ়ুৱৈৰ মিলনৰ উপকূল হ’ব পাৰিলেই ত্ৰিকালৰ জন্ম সাৰ্থক হ’ব। যিকোনো ধৰণৰ সৃষ্টিশীল সাহিত্য, কলা-সংস্কৃতি, সাহিত্যৰ ওপৰত তথ্য-গৱেষণাসমৃদ্ধ ৰচনা, জীৱন বা জীৱনশৈলীক বিষয়বস্তু হিচাপে লৈ লিখা অন্তৰ্দৃষ্টিপূৰ্ণ লেখা, আৰু সমসাময়িক ঘটনাপ্রবাহক প্ৰতিফলিত কৰা দিগদৰ্শী প্ৰাসংগিক ৰচনাক ত্ৰিকালে গুৰুত্ব প্ৰদান কৰে।
আশা কৰোঁ আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাত সকলো সময়তে আপোনালোকৰ আশীষ আৰু মৰম পাম। ইংৰাজী অংশটোৰ বাবে এই লিংকত ক্লিক কৰিব পাৰিব।
